Raise your voice against the P&RD Recruitment Scam in Assam
যদি আপুনি ভাবে যে নিযুক্তি প্ৰক্ৰিয়াৰ বাছনিত হোৱা পক্ষপাতিত্বৰ বাবে নিবনুৱা যুৱক যুৱতী সকলৰ মনত নিৰাশাৰ ভাৱ জাগে, তেন্তে তেওঁলোকৰ এই সমস্যা সমাধান কৰিবলৈ চৰকাৰক হেঁচা প্ৰদান কৰাত আমাক সহায় কৰক।
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সদ্যঘোষিত ৯৪৫ পদৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ সমগ্ৰ ৰাজ্যতে বিৰোধ আৰু যুৱক যুৱতী সকলৰ মনত নিৰাশাৰ ভাব উদ্বেগ হৈছে। এয়া একমাত্ৰ সংঘটিত হৈছে অসম চৰকাৰৰ আকোৰগোজ স্বভাৱৰ বাবে আৰু উক্ত নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত হোৱা ভ্ৰষ্টাচাৰ আৰু কেলেংকাৰীক চৰকাৰে আওকাণ কৰাৰ বাবে।
উক্ত নিযুক্তি প্ৰক্ৰিয়াৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ দিনাৰ পৰাই ইয়াৰ ওপৰত বিভিন্ন মহলৰ পৰা প্ৰশ্ন উত্থাপিত হৈছিল। বিশেষকৈ এই নিযুক্তি পৰীক্ষা কেন্দ্ৰত হোৱা বিসংগতি, মোবাইল ফোনৰ ব্যৱহাৰ, ৱাটছআপত ফাদিল হোৱা প্ৰশ্ন কাকত আদিক লৈ। ইয়াৰ পিছত সমগ্ৰ অসমতে ইয়াৰ ওপৰত প্ৰতিবাদ কাৰ্য্যসূচী আৰম্ভ হ’ল আৰু কিছু প্ৰাৰ্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হয়। চৰকাৰে এই বিষয়টোৰ সন্দৰ্ভত, CIDৰ দ্বাৰা অনুসন্ধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু, যোৱা ৫ মাৰ্চত, ৰাতি চৰকাৰে গোপনে এই নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰে আৰু ১২ ঘন্টাৰ ভিতৰতে অনলাইন যোগে নিযুক্তি পত্ৰ ও প্ৰদান কৰে।
এতিয়া প্ৰশ্ন হয়– ইমান প্ৰতিবাদৰ পিছতো চৰকাৰে ২৪ ঘন্টাৰ ভিতৰতে ফলাফল আৰু নিযুক্তি পত্ৰ প্ৰদান কৰাক লৈ আৰু সকলোতকৈ ডাঙৰ কথা কেইটামান হ’ল-
১) সকলো প্ৰাৰ্থীৰ ফলাফলৰ নম্বৰ ফাদিল নকৰাটো।
২) মন্ত্ৰী নৱ দলৈ আৰু মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ একাংশ আত্মীয়ৰ নাম নিযুক্তি প্ৰক্ৰিয়াত থকাটো।
৩) ইমান দৌৰা-দৌৰি কৈ ২৪ ঘন্টাৰ ভিতৰতে ফলাফল আৰু নিযুক্তি পত্ৰ প্ৰদান কৰাটো।